১ জানুৱাৰী ক্যানে কালা দিবস হৈল্।

VSarkar
0
কারা দিবস কোচ

১ জানুৱাৰী কালা দিবস

Jajang kama koch
Writer Jajang Kama Koch

1949 চনৰ 28 আগষ্ট তাৰিখে কোচবিহাৰ হিচাপে বৰ্তি থকা স্বাধীন সাৰ্বভৌম কোচ ৰাজ্যৰ শেষ অংশটো এখন চক্ৰান্তকাৰী চুক্তিৰ জৰিয়তে ভাৰত ৰাষ্ট্ৰত চামিল কৰা হয়। বিনিময়ত কোচবিহাৰক শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা, কোচ সৈনিক সকলক লৈ ভাৰতীয় সৈন্য বাহিনীত নাৰায়ণী ৰেজিমেন্ট নামেৰে কোচ ৰেজিমেন্ট গঠনকে আদি কৰি একাধিক প্ৰতিশ্ৰুতি প্ৰদান কৰে জৱাহৰলাল নেহৰু নেতৃত্বাধীন তদানীন্তন ভাৰত চৰকাৰে।

প্ৰথম প্ৰতিশ্ৰুতি ৰক্ষা কৰি কোচবিহাৰক ভাৰত ইউনিয়নত চামিলৰ পিছত গ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা দিয়ে যদিও 1950 চনৰ 1 জানুৱাৰী তাৰিখে কোচ জণগনৰ কোনো মতামত নোলোৱাকৈ একপক্ষীয় তথা অন্যায় ভাবে কোচবিহাৰ ৰাজ্যখনৰ বিলুপ্তি ঘটাই পশ্চিম বংগৰ এখন সাধাৰণ জিলা বুলি ঘোষণা কৰা হয়। বস্তুতো তেতিয়াৰ পৰাই কাল অমানিশা নামি আহে কোচ জনগোষ্ঠীৰ ওপৰত। কোচবিহাৰক পশ্চিম বংগৰ এখন সাধাৰণ জিলা বুলি ঘোষণা কৰাৰ পিছত পশ্চিম বংগৰ তদানীন্তন শাসক শ্ৰেণীয়ে পূৱ পাকিস্থান বৰ্তমান বাংলাদেশৰ পৰা অহা প্ৰায় 60 লাক্ষাধীক ৰিফুজীক কোচবিহাৰৰ ভূমিত সংস্থাপন দিয়ে নিজৰ ৰাজনৈতিক সাৰ্থ সিদ্ধীৰ কাৰণে। সংস্থাপন পোৱাৰ পিছত চতুৰ ৰিফুজীবিলাকে কোচ মানুহৰ প্ৰভূত্ব থকা বজাৰ হাট, বিনিময় কেন্দ্ৰ ইত্যাদি সকলোবিলাক কলে কৌশলে নিজৰ অধীনলৈ নিয়ে।  বাকী অংশই চাৰু মজুমদাৰ, কানহু সান্যাল ইত্যাদিৰ নেতৃত্বত নক্সাল আন্দোলনৰ সূচনা কৰি কোচ মানুহৰ ভূমি, সম্পত্তি বেদখল কৰি ৰিফুজীসকলক বিলাই দিয়ে। CPIM পাৰ্টী শাসনৰ গাদীত বহি WB Land Reformation (Ammendment) Act 1981 অনুমোদন কৰি আইনি প্ৰক্ৰিয়াৰে অন্যায় ভাবে কোচ জনগনৰ উৎপাদনৰ একমাত্ৰ উপায় স্বৰুপ কৃষিভূমি বিলাক কাঢ়ি লৈ ৰিফুজীসকলক সংস্থাপন দিয়ে।

ষড়যন্ত্ৰের শিকাৰ

মুঠৰ ওপৰত এই সকলোবিলাক অন্যায় অত্যাচাৰ শোষণ আৰম্ভ হয় 1949 চনৰ 28 আগষ্টৰ পৰা আৰু এই ষড়যন্ত্ৰক চৰকাৰীভাৱে চুড়ান্ত মোহৰ মৰা হয় 1950 চনৰ 1 জানুৱাৰীত, কোচবিহাৰ ৰাজ্যখনক একপক্ষীয়ভাৱে পশ্চিমবঙ্গ ৰাজ্যৰ এখন সাধাৰণ জিলা ঘোষনা কৰা কাৰ্য্যৰ জড়িয়তে। যাৰ পৰিনাম আজি আমি সকলোৱে ভূগি আছো। নিজ ভূমিতে আজি ভূমিহীন আমি, বজাৰ হাটত নাই আমাৰ কোনো প্ৰভূত্ব, শাসণৰ বাঘজড়ী অন্যৰ হাতত। সৰ্বত্ৰে অন্যায় অত্যাচাৰ, শোষণ বঞ্চনাৰ বলি আজি আমি।

হে শ্ৰদ্ধাৰ কোচ জণগন, ১ জানুৱাৰী তাৰিখে যিহেতু আমাৰ সৰ্বস্ব কাঢ়ি লৈ আমাক সৰ্বহাৰা সজোৱা হৈছিল সেই দিনটোত আমি ইংৰাজী নৱবৰ্ষৰ দোহাই দি মদে-মাংসই খাই আনন্দত আত্মহাৰা হোৱাটা মুঠেও উচিত নহয়। বৰঞ্চ এই দিনটোত আমি সকলোৱে মিলি সংকল্প লোৱাহে উচিত হেৰোৱা ঐতিহ্য পুনৰোদ্ধাৰৰ কাৰণে। গতিকে, হে শ্ৰদ্ধেয় জণগন আহক আমি এদিনৰ কাৰণে (1 জানুৱাৰী) সঁকলোৱে সামাজিক মাধ্যম ফেচবুকৰ পাত কলা কৰি অতীত ঐতিহ্য পুনৰোদ্ধাৰৰ কাৰণে সংকল্প গ্ৰহণ কৰোঁ।

# 1st January Black Day, Kochbihar state, Narayani Regiment,

Post a Comment

0Comments

Post a Comment (0)